CareersAssam.com
  • Home
  • About
  • Official Information
  • Terms and Conditions
  • Disclaimer
  • Privacy Policy
  • _Other Pages
  • _Contact us
Type Here to Get Search Results !
HomeAPART-Assam Agribusiness and Rural Transformation Project

APART-Assam Agribusiness and Rural Transformation Project

Bhargab Sarmah July 27, 2020 0

                   পশুপালন বাৰ্তা : 'ক্ষমতা'

✅ অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (APART-Assam Agribusiness and Rural Transformation Project)ই অসমৰ কৃষি উদ্যোগী সকলক আগুৱাই নিবৰ বাবে “ক্ষমতা” শীৰ্ষক এখনি আঁচনি প্ৰস্তুত কৰি উলিয়াইছে  | এই উদ্দ্যেশ্যে  অনলাইন / অফলাইন মাধ্যমেৰে প্ৰথম বৰ্ষত  কামৰূপ, কাছাৰ, শোণিতপুৰ, গোৱালপাৰা, গোলাঘাট আৰু যোৰহাট জিলাৰ কৃষি উদ্যোগী সকলক পঞ্জীয়নৰ বাবে আহ্বান জনোৱা হৈছে | 

✅ পঞ্জীয়নৰ বাবে যোগ্যতা আৰু অৰ্হতা : নতুন কৃষি উদ্যোগ : যিসকলে পঞ্জীয়নৰ বাবে আগবাঢ়িব পাৰে :-
✴ যিসকল কৃষি উদ্যোগীৰ কৃষি আৰু সংলগ্ন খণ্ড/খাদ্য  সংৰক্ষণ খণ্ডৰ বিষয়ে সম্যক জ্ঞান আছে আৰু তেওঁলোকে এই কৃষি উদ্যোগ  প্ৰতিস্থাৰ বাবে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছে,
✴ যিসকল কৃষি উদ্যোগীৰ ব্যৱসায়ৰ প্ৰসাৰ/পৰিসৰ বৃদ্ধিৰ বাবে নতুন ব্যৱসায়িক পৰিকল্পনা আছে,
✴ যিসকল কৃষি উদ্যোগীৰ কৃষি আৰু সংলগ্ন খণ্ডৰ বিষয়ে বৃত্তিগত অভিজ্ঞতা, শিক্ষাগত অৰ্হতা আৰু কাৰিকৰী যোগ্যতা আছে,
✴ যিসকল কৃষি উদ্যোগীৰ সক্ৰিয় বেংকৰ একাউণ্ট আছে । এইসকল কৃষক পশুপালকক এই আঁচনিৰ বাবে অগ্ৰাধিকাৰ দিয়া হব |

✅ এই আঁচনিৰ দ্বাৰা কৃষি উদ্যোগী সকলক তলত দিয়া সা-সুবিধা সমূহ প্ৰ্দান কৰা হ'ব : 
👉🏾  উদ্যোগীসকলৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা |
👉🏾 উপযুক্ত পূঁজি বিনিয়োগৰ বাবে উপযোগী  কৰ্মশালাৰ  ব্যৱস্থা |
👉🏾 এই খণ্ডৰ বিশেষজ্ঞ সকলৰ লগত সংযোগ স্থাপনৰ  ব্যৱস্থা ।
👉🏾 বিভিন্ন উৎপাদিত কৃষিজাঁত/অন্যান্য সামগ্ৰীসমূহৰ বৈচিত্ৰ্য আৰু উন্নতকৰনৰ  বাবে সাহায্য প্ৰদান |
👉🏾 বজাৰৰ লগত সংযোগ স্থাপন |
👉🏾 বিত্তীয় ব্যৱস্থাৰ লগত সংযোগ স্থাপন আৰু ঋণৰ ব্যৱস্থা |
👉🏾 উদ্যোগ স্থাপন কৰাৰ বাবে আৰু ব্যৱসায় পৰিসৰ বৃদ্ধিৰ বাবে সাহায্য |

✅ অধিক তথ্যৰ বাবে যোগাযোগ কৰক :  kshyamata@arias.in 
ফোন নং: +৯১-৯৭০৬৪৬৬৯৬২/৯৫০৮০৫৭৬০২

✅ পঞ্জীয়নৰ প্ৰপত্ৰ : নতুন ব্যৱসায়ৰ বিতং বৰ্ণনা :
ই-মেইল: ...................................
( নতুন ব্যৱসায়/ উদ্যোগৰ  পঞ্জীয়নকাৰী সকলে সকলো তথ্য পঞ্জীয়নৰ বাবে ভৰ্তি কৰিব লাগিব ) 
১.১.পঞ্জীয়নকাৰীৰনাম :....................................................................................................
১.২. লিংগ :পুৰুষ/মহিলা/অন্য
১.৩. জন্মৰ তাৰিখ : ..........
 ১.৪.  যোগাযোগৰ ঠিকনা : .........................১.৫. আবেদনকাৰীৰ সৰ্ব্বোচ্চ  শিক্ষাগত অৰ্হতা (উল্লেখ কৰক) :
➡️ দশম শ্ৰেণী উত্তীৰ্ণ (মেট্ৰিক/ উচ্চ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ )
➡️ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ( উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ)
➡️ স্নাতক
➡️ স্নাতকোত্তৰ
➡️অন্যান্য
১.৬. আপোনাৰ বৰ্তমানৰ সংস্থাপন : 
o অস্থায়ী  সংস্থাপন
o স্থায়ী  সংস্থাপন
o উদ্যোগী
o সংস্থাপনহীন
o অন্যান্য

১.৭.  জিলাৰ নাম
o কামৰূপ
o শোণিতপুৰ
o কাছাৰ
o গোৱালপাৰা
o গোলাঘাট
o যোৰহাট
o অন্যান্য ….................
 ১.৮. তলৰ কোনশাৰী বাক্যই আপোনাৰ উদ্যোগটিক বৰ্ণনা কৰে :
• উদ্যোগটি এই মূহুৰ্ত্ততত মাথো এটি ধাৰণা |
• মই  উদ্যোগটিৰ  উৎপাদিত সামগ্ৰীসমূহ পৰীক্ষামূলক ভাৱে বজাৰলৈ নিছোঁ |
• মোৰ ব্যৱসায়ৰ আৰ্হিটো পৰীক্ষামূলক ভাৱে  সফল আৰু বজাৰলৈ নিয়াৰ বাবে  প্ৰস্তুত |
• মোৰ ব্যৱসায় প্ৰতিস্থিত  আৰু মই ইয়াৰ বাণিজ্যিক পৰিসৰ বৃদ্ধিৰ বাবে চেষ্টা কৰি আছোঁ |

১.৯. আপোনাৰ ব্যৱসায়ৰ ধাৰণা/উদ্যোগটি কোনটো খণ্ডত অন্তৰ্ভূক্ত হব ?
• কৃষি উৎপাদন , উত্তৰকালীন  কৃষি পৰিচালনা ব্যৱস্থাপনা, মূল্য সংযোজন / খাদ্য সংৰক্ষণ 
• সঠিক কাৰিকৰী কৃষি প্ৰযুক্তি ব্যৱস্থাৰ প্ৰয়োগ আৰু উৎভাৱন যিটো বাণিজ্যিক ভাৱে পৰিসৰ বৃদ্ধি/পুঁজি বিনিয়োগৰ বাবে প্ৰস্তুত (যেনে : জলসিঞ্চন ব্যৱস্থা, উন্নত কৃষি উৎপাদন আৰু কৃষিজাঁত/অন্যান্য সামগ্ৰীসমূহৰ মজুতকৰণ) 
• কৃষি সেৱা – পূঞ্জীভুতকৰণ/মজুতকৰণ, যোগান শৃংখল ব্যৱস্থাৰ পৰিচালনা  আৰু বিতৰণ ব্যৱস্থা , কৃষি কাৰ্য্যত নিয়োজিত সা-সামগ্ৰী (যেনে বীজ, সাৰ, কীটনাশক  দ্ৰৱ্য ইত্যাদি), তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱস্থাৰ (ICT) কৃষি / কৃষি বাণিজ্য খণ্ডত প্ৰয়োগ  |
•  তথ্য যোগাযোগ প্ৰযুক্তি ব্যৱস্থাৰ (ICT) কৃষি/কৃষি বাণিজ্য খণ্ডত বিশেষ  প্ৰয়োগ
• কৃষি উদ্যোগীক সেৱা কেন্দ্ৰ (কৃষি চিকিৎসা কেন্দ্ৰ/ কৃষি বাণিজ্য কেন্দ্ৰ)ৰ যোগেদি সেৱা প্ৰদান য’ত কৃষি সা-সজুঁলি ধাৰ লৈ দিয়া সেৱা, কৃষি সা-সামগ্ৰী সমূহৰ মান নিৰ্ধাৰণ , পেকিং , ব্ৰেণ্ডিং আদি সেৱা প্ৰদান কৰা হয় |
• কৃষি উদ্যোগৰ সৈতে জড়িত অন্যান্য সেৱা |

১.১০. আপোনাৰ উদ্যোগটি  আইনসন্মত ভাৱে পঞ্জীকৰণ কৰা হৈছে নে ?
o হয়
o নহয়
১.১১. আপোনাৰ উদ্যোগটিৰ বিষয়ে দুষাৰ মান ব্যক্ত কৰক:--------------------
১.১২.  আপোনাৰ লগত তলত দিয়া কি কি নথি পত্ৰ উপলব্ধ আছে ?
o  উদ্যোগটিৰ যোৱা বিত্তীয়  বৰ্ষৰ বেলেন্স ছীট 
o  পঞ্জীকৰণৰ প্ৰমাণপত্ৰ 
o  পেন নং (ব্যক্তিগত/যুটীয়া)
o  কোম্পানীৰ পেন নং (PAN No) 
o  কোম্পানীৰ আধাৰ নং
o  ব্যৱসায়ৰ পৰিকল্পনা আঁচনি
o  অন্যান্য

✅ আপোনাৰ ব্যৱসায়ৰ সকলো নথি-পত্ৰ “আপলোদ’’ কৰক
(আপলোদ  only doc. , pdf or jpeg form)

✅ ঘোষণা : ইয়াত প্ৰদান কৰা সকলো তথ্য গোপনীয় ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব | 

মই “ক্ষমতা” আঁচনিৰ অধীনত অন্তৰ্ভূক্তিৰ দ্বাৰা সজ্ঞানে সুস্থিৰে ঘোষণা কৰোঁ যে –
১। মই মোৰ ব্যৱসায়টো সম্পূৰ্ণ মালিকীস্বত্বৰে প্ৰতিনিধিত্ব কৰিছো |
২| মই প্ৰকল্পৰ পৰা কোনো সময়তে কোনো ধৰণৰ বিত্তীয় সাহায্যৰ বাবে দাবী জনাব নোৱাৰিম |
৩| মই আৱশ্যকীয় সকলো নথি পত্ৰ সময়মতে যোগান ধৰিম আৰু প্ৰকল্প কাৰ্যকৰী দলৰ লগত সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিম।
৪| প্ৰকল্পই আবেদন পত্ৰ সমূহৰ সঠিক নিৰ্বাচনৰ বাবে অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব | প্ৰকল্পই গ্ৰহণ কৰা সিদ্ধান্তই নিৰ্ণায়ক হব আৰু মই সেই সিদ্ধান্তৰ বিপৰীতে কোনোধৰণৰ আপত্তি দৰ্শাব বা দাবী জনাব নোৱাৰিম | 
৫) মই ইয়াত সদৰি কৰা সকলো তথ্য শুদ্ধ বুলি সজ্ঞানে সুস্থিৰে ঘোষণা কৰিছোঁ | 



  • Newer

  • Older

Bhargab Sarmah

Bhargab Sarmah

Simple living, High thinking Expansion of idea

    You may like these posts

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Please Wait....

    sponsored

    sponsored

    Search This Blog

    Popular Posts

    Featured Post

    SSC Combined Higher Secondary Level Examination 2023December 27, 2022

    December 27, 2022

    This Blog is protected

    DMCA.com Protection Status
    CareersAssam.com

    About Us

    CareersAssam.com Careers Assam is a platform where thousands of Sarkari and Private Job’s online forms are available, as soon as a new Sarkari and Private Jobs form comes out in Assam, Uttar Pradesh, Bihar, Madhya Pradesh, Delhi, Uttarakhand and other states. The information is available on Careers Assam. Sarkari Jobs 10+2 Form, Sarkari and Private Graduate Passed Jobs, Sarkari and Private Post Graduate Jobs, Sarkari and Private Medical Jobs, Sarkari Naukri in SSC, APSC, UPSC. And young people can see the information about Sarkari and Private Jobs form organized by many other organizations with a single click on CareersAssam.com

    Follow Us

    • Home
    • About
    • Contact us
    • Privacy Policy

    Footer Copyright

    All Right Reserved Copyright © 2019-2032. CareersAssam.com

    Contact Form