CareersAssam.com
  • Home
  • About
  • Official Information
  • Terms and Conditions
  • Disclaimer
  • Privacy Policy
  • _Other Pages
  • _Contact us
Type Here to Get Search Results !
HomeAarogya Setu App LinkNotice-Covid 19 Impact : Download Your Mobile Aarogya Setu App

Notice-Covid 19 Impact : Download Your Mobile Aarogya Setu App

Bhargab Sarmah June 02, 2020 0
Notification

     Make in India has released Aarogya Setu App and help self assessment test all Indian people.I recommend Aarogya Setu app to fight against COVID 19. Please download and share it using this link -

Android :
Aaragya asetu Link
iOS :
Aarogya Setu ios

কোৰোণা ভাইৰাছৰ বিষয়ে আমি এতিয়াও ভালকৈ নজনা ১২টা বিশেষ কথা
বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছক লৈ কেৱল আপুনি–মই নহয়, বিজ্ঞানী, চিকিৎসক আৰু আনকি পলিচী প্ৰস্তুত কৰাসকল আৰু অৰ্থশাস্ত্ৰী সকলেও বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। 
SHARE THIS:
কোৰোণা ভাইৰাছৰ বিষয়ে আমি এতিয়াও ভালকৈ নজনা ১২টা বিশেষ কথা

NEWS18 ASSAM

তিনিমাহ পূৰ্বে চীনত এক অজ্ঞাত ভাইৰাছ(Novel Coronavirus)ৰ সংক্ৰমণ পোহৰলৈ আহে য’ত আক্ৰান্ত ব্যক্তিজনৰ গাত নিউমোনিয়াৰ দৰে লক্ষণে দেখা দিয়ে। ইয়াৰ পিছৰ পৰা বিজ্ঞানীসকলে এই ভাইৰাছৰ বিষয়ে বহু তথ্য জানিব পাৰিছে। কিন্তু এতিয়াও এনে বহু তথ্য আছে যিবোৰ জানিবই পৰা হোৱা নাই। বিশ্বত Covid-19 তীব্ৰ গতিৰে বিয়পি পৰাৰ সময়ত সকলোৱে বিচাৰি আছে নোপোৱা প্ৰশ্নৰ উত্তৰ।

এই ভাইৰাছ কিমান সংক্ৰামক?


WHOৰ মতেো, সংক্ৰমিত ব্যক্তিয়ে কাঁহিলে বা হাঁচিয়ালে বতাহত বিয়পি পৰা কণিকাৰ সংস্পৰ্শলৈ অন্য মানুহ আহিলে এই ৰোগ হয়। বেছিভাগ সমতলতে এই ভাইৰাছ বহু সময় জীয়াই থাকে। এই কাৰণে এই ভাইৰাছ অতি বিপজ্জনক। এই ভাইৰাছৰ দ্বাৰ সংক্ৰমিত সমতল নিৰোগী মানুহে স্পৰ্শ কৰি নিজৰ চকু, মুখ, নাকলৈ নিলে বেমাৰত আক্ৰান্ত হ’ব পাৰে। এয়াও বিচাৰ কৰা হৈছে যে কোৰোণা পজিটিভ ব্যক্তিৰ মল–মূত্ৰৰ পৰাও এই ভাইৰাছ বিয়পে, কিন্তু এই কথা এতিয়ালৈ প্ৰমাণ হোৱা নাই।

কিমান ব্যক্তি সংক্ৰমিত হৈছে আৰু কিমান ব্যক্তিৰ মাজত কোনো লক্ষণ দেখা দিয়া নাই?

এতিয়ালৈকে বিশ্বত সাত লাখৰো অধিক বিষয় পোহৰলৈ আহিছে, ইয়াৰ ১,২৭,০০০জন ব্যক্তি সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু ৩৩,০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। একাংশ গৱেষকৰ মতে প্ৰায় ৮০% সংক্ৰমিত লোকৰ মাজত বেমাৰ পাতলীয়া লক্ষণ দেখা দিয়ে আৰু বহুসময়ত একোকে দেখিবলৈ পোৱা নাযায়। এনেকুৱা হ’ব পাৰে যে লাখ–লাখ লোক ইতিমধ্যেই সংক্ৰমিত হৈছে! কিন্তু বৰ্তমান এই বিষয়ত অধ্যয়ন আৰু তদন্তৰ প্ৰয়োজন যাতে প্ৰকৃত সংক্ৰমিত ব্যক্তিৰ সংখ্যা উলিয়াব পৰা যায়।ডেকা ল’ৰা–ছোৱালী এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে মৃত্যুৰ আশংকা কম নে কি?

কম বয়সীয়া লোকে এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ আশংকা কম তথাপিও তেওঁলোক COVID-19ত আক্ৰান্ত হ’ব পাৰে। এয়া সংকটজনক হোৱাৰ লগতে হাস্পতালত ভর্তি কৰোৱালগীয়াও হ’ব পাৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা যুৱ সমাজ কিমান সুৰক্ষিত সেয়া পৰিষ্কাৰ নহয়। WHOৰ মতে বেছি বয়সীয়া লোকসকল বিশেষকৈ যাৰ শ্বাস–প্ৰশ্বাসজনিত ৰোগ আছে, এজমা, উচ্চ ৰক্তচাপ, ডায়বেটিছ আৰু হৃদৰোগ আছে তেওঁলোকৰ কাৰণে বিপদৰ আশংকা অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিষয়াসকলৰ মতে মহিলাতকৈ পুৰুষ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা প্ৰায় দুগুণ। বিজ্ঞানীসকলৰ মতে আগৰে পৰা বেমাৰ থকা লোক বা যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অধিক।

সংক্ৰমণ দ্বিতীয়বাৰো হ’ব পাৰে নে কি?

এই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু ভাল হৈ যোৱা লোকৰ মাজতো সংক্ৰমণ দ্বিতীয়বাৰ দেখিবলৈ পোৱা গৈছে। বেছিভাগ বিজ্ঞানীৰ মতে এনেকুৱা হোৱাৰ আশংকা যথেষ্ট। ৰোগী সুস্থ হৈ উঠাৰ সময়ত তেওঁৰ নাক আৰু ডিঙিৰ নমুনা সংগ্ৰহ কৰা হয় কিন্তু হ’ব পাৰে যে ভাইৰাছবিধ শৰীৰৰ অন্য ঠাইত লুকাই থাকিব! এনেকুৱাত পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ আহে। সম্পূৰ্ণ সুস্থ হৈ উঠা লোকৰ শৰীৰত এণ্টি বডী প্ৰস্তুত হয় কিন্তু এই এণ্টি বডীয়ে কেতিয়ালৈকে সুৰক্ষা দিব সেয়া জানিব পৰা হোৱা নাই। বহু সময়ত ভাইৰাছৰ ওচৰত এণ্টি বডী দুৰ্বল হৈ পৰে। বহুকেইটা পৰীক্ষাগাৰে চেষ্টা কৰিছে যে, তেজ পৰীক্ষা কৰি জানিবলৈ চেষ্টা কৰা হওক আচলতে কিমান সংখ্যক লোক ৰোগাক্ৰান্ত হৈছে আৰু কোৰোণাৰ বিৰুদ্ধে তেওঁলোক ইম্যুইন হৈ উঠিছে নে কি?

চিকিৎসা বা ভেকচিন প্ৰস্তুত কৰোতে কিমান সময় লাগিব?

এইপৰ্যন্ত কোৰোণা ভাইৰাছৰ কাৰণে কোনো প্ৰতিষেধক বা ভেকচিন বা এণ্টি ভাইৰেল ঔষধ ওলোৱা নাই। এতিয়া চিকিৎসা কেৱল উশাহ লোৱাত সমস্যাৰ লক্ষণ দূৰ কৰাতে সীমাৱদ্ধ। বিশ্বজুৰি বিভিন্ন কোম্পানীয়ে প্ৰতিষেধক প্ৰস্তুত কৰাত লাগি আছে, কিছুমানে ট্ৰায়েল দিয়া আৰম্ভ কৰিছে। কিন্তু জানিব পৰা মতে, প্ৰতিষেধক প্ৰস্তুত হ’বলৈ এবছৰ বা তাকোকৈ অধিক সময় লাগিব পাৰে। এটা প্ৰধান সমস্যা হৈছে যে ভাইৰাছবিধ মিউটেট হ’ব পাৰে। ডিচেম্বৰত চীনৰ য়ুহানত সংক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইয়াৰ বহু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। শেহতীয়া ৰিচাৰ্ছ মতে ভাইৰাছবিধ এতিয়া তুলনামূলকভাৱে স্থিৰ অৰ্থাৎ প্ৰতিষেধক প্ৰস্তুত হ’লে সেয়া প্ৰভাৱদায়ী হ’ব। বহু সময়ত এণ্টিবডীজবোৰ ভাইৰাছৰ আগত দুৰ্বল হৈ পৰে

ভাইৰাছবিধ গৰম ঠাইত লাহে লাহে বিয়পে নে কি?

একাংশ বিশেষজ্ঞই ধাৰণা কৰিছিল যে গৰম দিন অহাৰ লগে লগে ভাইৰাছৰ সংক্ৰমণৰ বেগ কমিব। কিন্তু ইউৰোপীয় ডিজিজ ক’ণ্ট্ল চেণ্টাৰত কোৱা হৈছে ইয়াৰ পৰা একো প্ৰভাৱ নকমে। WHOৰ অনুমান মতেও কোৰোণা ভাইৰাছ গৰম আৰু সেমেকা সকলো ঠাইতে বিয়পিব পাৰে।

এই মহামাৰী কেতিয়া শেষ হ’ব? 

এই বিষয়ত একো সঠিককৈ ক’ব পৰা হোৱা নাই। এয়া বহু কথাৰ ওপৰত নিৰ্ভৰ কৰিছে যেনে কিমান মানুহ কিমান সময় আইছ’লেট হৈ থাকে আৰু ছচিয়েল ডিচটেনশ্যিং অৰ্থাৎ সামাজিক ব্যৱধান মানি চলিব পাৰে। কেতিয়ালৈকে ইয়াৰ দৰৱ বা প্ৰতিষেধক ওলাব তাৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি Donald Trump–এ আশা কৰিছে যে ১২ এপ্ৰিললৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থব্যৱস্থা আকৌ শাৰীত আহি যাব। এই কথাৰ কাৰণে তেওঁক সমালোচনাও কৰা হৈছে যে তেওঁ কেনেকৈ টাইম টেবুল দিব পাৰিছে। য়ুহানত দুমাহৰ লকডাউনৰ পিছত জীৱন আকৌ একে শাৰীলৈ উভতি আহিছিল কিন্তু এতিয়া চাব লাগিব যে এই ভাইৰাছে আকৌ যদি ভয়ংকৰ সংক্ৰমণ চলায়।

ভাইৰাছৰ সৈতে সম্পৰ্কিত হোৱাৰ পৰিমাণে নিৰ্ণয় কৰে নে কি এজন লোক কিমানখিনি ৰোগত আক্ৰান্ত হ’ব?

ভাইৰাছে শৰীৰত প্ৰৱেশ কৰাৰ লগতে লগে কোষবোৰ সংক্ৰমিত কৰে, ইয়াত লাখৰ সংখ্যাত ভাইৰাছবোৰ বাঢ়িবলৈ ধৰে। ইয়াৰ পূৰ্বে প্ৰৱেশ কৰা ভাইৰাছৰ প্ৰভাৱ শৰীৰত সিমান নপৰে। ইয়াৰ পিছত যিমান এই ভাইৰাছৰ সংস্পৰ্শলৈ অহা হ’ব সিমান ভাইৰাছে শৰীৰত বেয়া প্ৰভাৱ পেলাব।

অৰ্থব্যৱস্থা কেতিয়া সামান্য হ’ব? 

International Monetary Fundৰ আশংকা মতে সমগ্ৰ বিশ্বতে ২০২০ত যি আকাল পৰিব সেয়া ২০০৮চনৰ আকালতকৈ ভয়ংকৰ হ’ব। এই আকাল কিমান ভয়ংকৰ হ’ব বা কিমান দীঘলীয়া হ’ব আৰু কেনেকৈ উঠিব সেয়া একো জানিব পৰা হোৱা নাই। অৰ্থনীতিবিদসকলৰ মতে লকডাউন কিমান সময় চলে তাৰ ওপৰত এই দিশ নিৰ্ভৰ কৰিছে। চৰকাৰবোৰে মানুহ, বিজনেছ আৰু মাৰ্কেট কেনেকৈ আকালৰ পৰা ৰক্ষা কৰিবলৈ কিমান সহায় কৰিব পাৰিছে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিছে।

বৰ্তমান খৰছ হৈ থকা অজস্ৰ ধনে কি সহায় কৰিছে?

কেন্দ্ৰীয় বেংকে চেষ্টা কৰিছে যে বিত্তীয় বজাৰখন চলি থাকক, বিশেষকৈ যিয়ে অৰ্থব্যৱস্থাক সুচাৰুৰূপে চলাই নিব পাৰে। এনেকুৱা মাৰ্কেট চলি থাকক য’ৰ পৰা কোম্পানীসমূহে নিজৰ কৰ্মচাৰীক দৰমহা দিবলৈ টকা ল’ব পাৰে বা চহৰত পথ বা স্কুল আদি নিৰ্মাণ কৰিবলৈ পইচা ল’ব পৰা যায়। চৰকাৰে লোৱা প্ৰয়াসত সাধাৰণ জনতা আৰু সৰু কোম্পানীসমূহে সকাহ পাব পাৰে। কিন্তু এইবোৰে কিমান সকাহ দিব সেয়া ক’ব পৰা নাযায়।

এয়া বিনিয়োগৰ কাৰণে ভাল সময় নে কি?

একাংশ বিনিয়োগকাৰীয়ে এই বিষয়ত ব্যাখ্যা প্ৰদান কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ২৫শতাংশ অৱনমন দেখা গৈছে বজাৰত। প্ৰায় ২৫শতাংশ অৱনমন হৈছে বজাৰত। ইউ এছত সাহাৰ্য ফাণ্ডপ মেনেজাৰ Bill Ackman–এ দেখা পাইছে যে এই সপ্তাহত ষ্টক আৰু ক্ৰেডিটত বহুকেইটা ইতিবাচক দিশ দেখিবলৈ পোৱা গৈছে। ইমানবোৰ অনিশ্চয়তাৰ মাজত বেছিভাগ বিশ্লেষক আৰু ইনভেষ্টৰে এই দিশত একো কোৱাৰ পৰা বিৰত আছে বা মানুহক বিনিয়োগ নকৰিবলৈ পৰামৰ্শ দিছে।



Tags
Aarogya Setu App Link
  • Newer

  • Older

Bhargab Sarmah

Bhargab Sarmah

Simple living, High thinking Expansion of idea

    You may like these posts

    View all

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Please Wait....

    sponsored

    sponsored

    Search This Blog

    Popular Posts

    Featured Post

    SSC Combined Higher Secondary Level Examination 2023December 27, 2022

    December 27, 2022

    This Blog is protected

    DMCA.com Protection Status
    CareersAssam.com

    About Us

    CareersAssam.com Careers Assam is a platform where thousands of Sarkari and Private Job’s online forms are available, as soon as a new Sarkari and Private Jobs form comes out in Assam, Uttar Pradesh, Bihar, Madhya Pradesh, Delhi, Uttarakhand and other states. The information is available on Careers Assam. Sarkari Jobs 10+2 Form, Sarkari and Private Graduate Passed Jobs, Sarkari and Private Post Graduate Jobs, Sarkari and Private Medical Jobs, Sarkari Naukri in SSC, APSC, UPSC. And young people can see the information about Sarkari and Private Jobs form organized by many other organizations with a single click on CareersAssam.com

    Follow Us

    • Home
    • About
    • Contact us
    • Privacy Policy

    Footer Copyright

    All Right Reserved Copyright © 2019-2032. CareersAssam.com

    Contact Form